অসম

assam

ETV Bharat / videos

চহৰৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলতো শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক উচাহ উদ্দীপনা - Durga Puja in Assam

By

Published : Oct 4, 2022, 12:01 PM IST

প্ৰতিকূল বতৰৰ বাধাকো নেওচি সোমবাৰে দুৰ্গা পূজাৰ মহাষ্টমী উপলক্ষে ৰাজ্যৰ পূজা মণ্ডপ সমূহত পুৱাৰে পৰা দেখা যায় ভক্তপ্ৰাণ ৰাইজৰ সমাগম (Durga Puja in Assam) ৷ ভক্তপ্ৰাণ ৰাইজে মাৰ চৰণত নৈবদ্য আগবঢ়োৱাৰ লগতে চাকি-বন্তি, ধূপ-ধূনা জ্বলাই মাৰ আৰ্শীষ লয় (Maha Ashtami 2022)। ইফালে চহৰৰ সমান্তৰালকৈ গ্ৰামাঞ্চলতো শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক উচাহ উদ্দীপনা পৰিলক্ষিত হৈছে ৷ ধেমাজি সদৰৰ সমীপৱৰ্তী ঐতিহাসিক বঙালমাৰী মিচিং গাঁৱৰ শ্ৰী শ্ৰী আই কামেশ্বৰী থানতো এইবাৰ ৬৫ সংখ্যক দুৰ্গা পূজাত ৰাইজৰ ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে। এই থানখনত পৰম্পৰা অনুসৰি হাঁহ, কুকুৰা, ছাগলীৰ বলি বিধানেৰে অষ্টমীৰ দিনা দেৱী দুৰ্গাক আৰাধনা কৰা হয় ৷ সেয়ে মাৰ আশীষ ল’বলৈ অগণন ভক্তৰ সমাবেশ পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

...view details