Pray for Zubeen Garg: ৰঙিয়াত কণ-কণ ছাত্ৰৰ ৰাজহুৱা দোৱা - ৰঙিয়াত কণ কণ ছাত্ৰৰ ৰাজহুৱা দোৱা
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰি ৰঙিয়াত ৰাজহুৱা দোৱা(Wish for Zubeen Garg speedy recovery) । উদিয়ানাৰ হজৰত আহমদ আলী দ্বীনি তালিমি মাদ্ৰাছাত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আশু-আৰোগ্য কামনাৰে আল্লাহৰ ওচৰত দোৱা মাগিলে মাদ্ৰাছাৰ কণ-কণ ছাত্ৰসকলে(Madrassa students Wish for Zubeen Garg) । প্ৰথমে দৰুদ পাঠ কৰে হাফিজ আৰিফ আলীয়ে ৷ তাৰ লগে লগে মাদ্ৰাছাখনত শিক্ষাগ্ৰহণ কৰা ছাত্ৰসকলে শিল্পীগৰাকীৰ আৰোগ্য কামনা কৰি দোৱা কৰে । শিল্পীগৰাকীয়ে যাতে অতি শীঘ্ৰেই সম্পূৰ্ণ সুস্থ হৈ পুনৰ গীত গাব পাৰে , তাৰ বাবে আল্লাহৰ ওচৰত দোৱা মাগে মাদ্ৰাছাখনৰ কণ-কণ ছাত্ৰসকলে । সকলোৰে আশা-জুবিন অতি শীঘ্ৰে সুস্থ হৈ সংগীতৰ জগতখনলৈ ঘূৰি আহক । উল্লেখ্য যে বুধবাৰে ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক (Zubeen Garg Hospitalized)। বাথৰূমত পিছলি পৰি মূৰত আঘাত পাইছিল জুবিন গাৰ্গে ।