অসম

assam

ETV Bharat / videos

দলগাঁৱত মাদ্ৰাছাৰ ১৩ বছৰীয়া ছাত্ৰ সন্ধানহীন - Madrasa student missing at Dalgaon

By

Published : Oct 6, 2022, 3:21 PM IST

দৰং জিলাৰ দলগাঁৱত হাতেম আলী খন্দকাৰ নামৰ এজন ১৩ বছৰীয়া মাদ্ৰাছাৰ ছাত্ৰ নিৰুদ্দেশ ‌(Madrasa student missing at Dalgaon)। নিৰুদ্দিষ্ট ছাত্ৰজন দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দৈপাম গাঁৱৰ মকবুল খন্দকাৰৰ পুত্ৰ হাতেম আলী । ঘটনাৰ বিবৰণী মতে, যোৱা ১ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে ছাত্ৰজন । উল্লেখ্য় যে, হাতেম দলগাঁৱৰ বুঢ়ীগাঁৱৰ এখন মাদ্ৰাছাত বিগত দুবছৰ ধৰি অধ্যয়ন কৰি আছিল । যোৱা ১ অক্টোবৰত পূৰ্বৰ দৰে বুঢ়ীগাঁও মাদ্ৰাছাত অধ্যয়নৰ (Study at Burhigaon Madrasa) বাবে অহাৰ পিছৰে পৰা নিখোজ হয় হাতেম আলী । পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত হতাশাত ভাগি পৰিছে পৰিয়ালৰলোক । অৱশেষত উপায়ন্তৰ পৰিয়ালে ঘটনা সন্দৰ্ভত দলগাঁও থানাত এজাহাৰ দাখিল কৰে । কোনো লোকে ছাত্ৰজনৰ সন্ধান পালে 9864247342, 9101546358 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

ABOUT THE AUTHOR

...view details