Debabrat Saikia on Loksabha: লোকসভাত বিৰোধী দলপতিক প্ৰকৃত মৰ্যাদা দিয়া হোৱা নাই
লোকসভাত বিৰোধী পক্ষত কংগ্ৰেছ দলৰ সৰ্বাধিক সাংসদ থকাৰ পিছতো ২০১৪ চনৰ পৰা বিজেপি চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে কংগ্ৰেছ দলৰ দলপতিয়ে বিৰোধী দলপতিৰ মৰ্যদা পোৱা নাই । এই অভিযোগ অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ(Opposition leader Debabrata Saikia) । তেওঁ কয় যে, জনতা দলৰ চৰকাৰৰ সময়ত অনা ১৯৭৭ চনৰ আইনখনত ১০ শতাংশ সদস্য থাকিলেহে বিৰোধী দলপতিৰ মৰ্যদা পাব, সেয়া উল্লেখ নাই । বিজেপিয়ে অনাহকত ইয়াৰ ওপৰত বিতৰ্কৰ সৃষ্টি কৰি আহিছে বুলিও উল্লেখ কৰি তেওঁ ইয়াক গণতন্ত্ৰ হত্যা কৰাৰ চক্ৰান্ত আখ্যা দিয়ে ।