অসম

assam

ETV Bharat / videos

Corruption in road construction: ৰহাত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ পঞ্চায়তৰ বিৰুদ্ধে - অনিয়মৰ অভিযোগ

By

Published : Oct 13, 2022, 1:05 PM IST

ৰহাত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ (Locals Allege Corruption in Road Construction) ৷ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত দিঘলীআটি গাঁও পঞ্চায়তৰ পঞ্চদশ বিত্তীয় বৰ্ষৰ প্ৰথম কিস্তিৰ আবণ্টিত ধনেৰে লাওফুলাবড়ীত নিৰ্মাণ কৰি থকা পথচোৱাক লৈ অসন্তুষ্ট স্থানীয় ৰাইজ । ৪,৭৪,২৫৯ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাওফুলাবড়ী গাঁৱৰ ৭৮ মিটাৰ দৈৰ্ঘ্যৰ পথচোৱা অতি নিম্ন মানদণ্ডৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । কেৱল ইমানেই নহয় পথচোৱা নিৰ্মাণত ৰোলাৰৰ সলনি কালভাৰ্ট ব্যৱহাৰ কৰাৰ উপৰিও কোনো ধৰণৰ চাইড বাম নিদিয়াকৈয়ে পথ নিৰ্মাণৰ কাম স্থগিত কৰাৰ অভিযোগ । সেয়েহে এইসকল দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত কৰি উচিত শাস্তি দিবলৈ দাবী স্থানীয় ৰাইজৰ । এতিয়া প্ৰশ্ন হয় এইসকল দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক প্ৰশাসনে নাকী লগাব পাৰিব নে ?

ABOUT THE AUTHOR

...view details