অসম

assam

By

Published : Jun 14, 2022, 10:31 PM IST

ETV Bharat / videos

স্বাস্থ্য বিভাগৰ নিযুক্তি: জিলাই জিলাই পৰীক্ষাকেন্দ্ৰ স্থাপনৰ দাবী বিৰোধী দলপতিৰ

চলিত মাহৰ শেষৰফালে স্বাস্থ্য বিভাগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় তিনি সহস্ৰাধিক পদ পূৰণৰ বাবে পৰীক্ষাৰ ব্যৱস্থা কৰিছে যদিও কৰা নাই পৰ্যাপ্ত পৰীক্ষাকেন্দ্ৰৰ ব্যৱস্থা ৷ যাৰ ফলত প্ৰাৰ্থীসকলে ইখন জিলাৰ পৰা গৈ সিখন জিলাত বহিব লাগিব পৰীক্ষাত ৷ আনকি নামনি অসমৰ বহু জিলাৰ প্ৰাৰ্থীয়ে প্ৰায় পাঁচশ কিলোমিটাৰ অতিক্ৰমী উজনি অসমৰ বিভিন্ন জিলাত পৰীক্ষা দিবলগীয়া হ'ব ৷ বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সেয়েহে সময় থাকোতেই এইক্ষেত্ৰত প্ৰাৰ্থীসকলৰ সুবিধা হব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Leader of opposition demands for more examination center for health department exam) ৷

ABOUT THE AUTHOR

...view details