অসম

assam

ETV Bharat / videos

মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ: আহোম জাতীয় গণ মঞ্চ - ড্ৰাগছকে আদি কৰি সকলো অপৰাধজনিত ঘটনা

By

Published : May 10, 2022, 9:32 PM IST

মঙলবাৰে এটা বছৰ সম্পূৰ্ণ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে (Assam Government led by Himanta Biswa Sarma completes one year)৷ বিশাল আয়োজনেৰে মঙলবাৰে অনুষ্ঠিত হৈ যায় ড৹ শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ অনুষ্ঠান ৷ ইয়াৰ মাজতে চৰকাৰৰ কাম কাজক লৈ ৰাজ্যৰ সচেতন মহলে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহাৰ সময়তে মৰাণত চৰকাৰৰ এবছৰীয়া কাৰ্যকালক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আহোম জাতীয় গণ মঞ্চই (Ahom Jatiya Gana Manch reacts on Present Govt ) ৷ এই সন্দৰ্ভত সংগঠনটোৰ সহকাৰী সম্পাদক অকণ ভূঞাই (Leader of Ahom Jatiya Gana Manch)কয়, "চৰকাৰে যি ধৰণে ড্ৰাগছকে আদি কৰি সকলো অপৰাধজনিত ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে তাৰ নিশ্চয়কৈ শ'লাগ ল'ব লাগিব; কিন্তু তাৰ সমান্তৰালভাৱে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে (Price hike in Assam) ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ৷"

ABOUT THE AUTHOR

...view details