Flood and landslide in Assam: পুনৰ গোৱালপাৰাত ভূমিস্খলন - ৰাজ্যত ভূমিস্খলনৰ ভয়ংকৰ ৰূপ
ৰাজ্যত বানপানী আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood and landslide in Assam)। ইয়াৰ মাজতে দেওবাৰে পুনৰ গোৱালপাৰা চহৰৰ চন্দৰীয়াত সংঘটিত হয় ভূমিস্খলন (Land slide in Goalpara) । এই ভূমিস্খলনৰ ফলত 10 টাতকৈ অধিক বাসগৃহৰ ক্ষতিসাধন হয় । স্থানীয় ৰাইজে প্ৰশাসনক খবৰ দিয়াত প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পাহাৰৰ নামনিত বসবাস কৰি থকা লোকসকলক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰে ৷ বিগত কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ (Heavy rain in Assam) ফলত এই ভূমিস্খলন সংঘটিত হয় । প্ৰশাসনে এই পৰ্যন্ত পাহাৰখনৰ ভূমিস্খলন ৰোধৰ বাবে কোনো ধৰণৰ স্থায়ী সমাধানৰ প্ৰতি গুৰুত্ব আৰোপ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷