Akhil Gogoi's controversial comment: অখিল গগৈক মানসিক ৰোগী আখ্যা কুটুম্ব সুৰক্ষা পৰিষদৰ - বিধায়ক অখিল গগৈ
দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে( Janardan Dev Goswami) কৰা এক মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে সত্ৰাধিকাৰগৰাকীৰ বিৰুদ্ধে আগবঢ়াইছিল কেতবোৰ অসন্মানসূচক মন্তব্য(Akhil Gogoi's controversial comments about Janardan Dev Goswami) । বিধায়ক গগৈৰ এনে মন্তব্যৰ পিছতে এইবাৰ জাঙুৰ খাই উঠিছে কুটুম্ব সুৰক্ষা পৰিষদ । কুটুম্ব সুৰক্ষা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপাংকৰ নাথে এই সন্দৰ্ভত অখিল গগৈক উভটি ধৰে । লগতে অখিল গগৈক মানসিক ৰোগী বুলিও আখ্যা দি মানসিক চিকিৎসা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । সত্ৰাধিকাৰগৰাকীক কৰা অপমানৰ বাবে ক্ষমা তেওঁক খুজিবলৈও দাবী জনায় কুটুম্ব সুৰক্ষা পৰিষদে । অন্যথা অখিল গগৈৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে কুটুম্ব সুৰক্ষা পৰিষদে ।