অসম

assam

ETV Bharat / videos

অসমৰ সংস্কৃতিৰ পৰা ক্ৰমশ বিলুপ্তিৰ পথত কড়ি খেল - বয়োজ্যেষ্ঠসকলৰ মাজত সমন্বয়-সম্প্ৰীতিৰ পৰিৱেশ গঢ়া

By

Published : Apr 14, 2021, 6:06 PM IST

সমন্বয়-সম্প্ৰীতিৰ প্রতীক তথা আহোম স্বৰ্গদেউসকলৰ আমোলতে গড়গাঁৱৰ কাৰেংঘৰত ৰাজ পৰিয়াল আৰু ৰাজ বিষয়াসকলে খেলিছিল কড়ি খেল ৷ সম্প্ৰতি অসমৰ সংস্কৃতিৰ পৰা বিলুপ্তিৰ পথত এই কড়ি খেল ৷ শিৱসাগৰৰ আমগুৰিৰ দিকচু মাউৎ গাঁৱৰ বহুকেইটা পৰিয়ালে জীয়াই ৰাখিছে এই পৰম্পৰা । তাহানি বহু গাঁৱৰ বুকুত জীপাল হৈ থকা কড়ি খেল কি এতিয়া বহুতেই নাজানে । নতুন প্ৰজন্মৰ ওচৰত নাই কড়ি খেলৰ সঠিক পৰিচয় । কড়ি খেলৰ যোগেদি নতুন বছৰটোৰ ভাগ্য পৰীক্ষা, গাঁৱৰ ডেকা-গাভৰু আৰু বয়োজ্যেষ্ঠসকলৰ মাজত সমন্বয়-সম্প্ৰীতিৰ পৰিৱেশ গঢ়া আৰু প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলাও এই খেলৰ অন্যতম লক্ষ্য । গৰু বিহুৰ দিনা সামৰণি হোৱা কড়ি খেলবিধ আমাৰ সমাজ জীৱনৰ পৰা হেৰাই যাবলৈ নিদি ইয়াৰ বহুল প্ৰচাৰ-প্ৰসাৰত সকলোৱে গুৰুত্ব দিয়াতো এতিয়া সময়ৰ দাবী ।

ABOUT THE AUTHOR

...view details