অসম

assam

ETV Bharat / videos

সাহস দেখুৱাই অপহৰণকাৰীক প্ৰহাৰ কৰিলে দুলীয়াজানৰ এগৰাকী ছাত্ৰীয়ে - চেণ্টজেভিয়াৰ্চ উচ্চতৰ মাধ্যমিক বিদ্যালয়

By

Published : May 30, 2022, 8:29 PM IST

দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা ৷ ঘটনা অনুসৰি, দুলীয়াজানৰ চেণ্ট জেভিয়াৰ্চ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক দুখন বিলাসী গাড়ীত অহা চাৰি-পাঁচজনীয়া অপহৰণকাৰীৰ এটা দলে অপহৰণৰ চেষ্টা চলায় (Kidnapping attempt in broad daylight in Duliajan)। পিছে মুখত কাপোৰ বান্ধি অহা অপহৰণকাৰী দলটোৱে ছাত্ৰীগৰাকীক অপহৰণ কৰাত ব্যৰ্থ হ’ল যদিও ছাত্ৰীগৰাকীক কৰিলে প্ৰহাৰ (Kidnapping case in Duliajan) । লগে লগে ছাত্ৰীগৰাকীয়ে নিজৰ সাহস দেখুৱাই অপহৰণকাৰী দলটোৰ পৰা বাচিবলৈ দুৰ্বৃত্তৰ দলটোক উভতি প্ৰহাৰ কৰে । শেহতীয়াকৈ ছাত্ৰী গৰাকীক প্ৰাথমিক চিকিৎসাৰ বাবে দুলীয়াজানস্থিত অইল ইণ্ডিয়াৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইফালে ঘটনা সন্দৰ্ভত বিদ্যালয়ৰ প্ৰধান শিক্ষকে দুলীয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিত দুলীয়াজান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details