Kargil Vijay Diwas 2022: নগাঁৱত উদযাপন কাৰ্গিল বিজয় দিৱস - নগাঁৱত উদযাপন কাৰ্গিল বিজয় দিৱস
আজি কাৰ্গিল বিজয় দিৱস(Kargil Vijay Diwas 2022) । ২৩ বছৰ পূৰ্বে আজিৰ দিনটোতেই ভাৰতীয় সেনাই কাৰ্গিলত বিজয় সাব্যস্ত কৰিছিল । তদুপলক্ষে দেশজুৰি উদযাপন কৰা হয় কাৰ্গিল বিজয় দিৱস । সমগ্ৰ দেশৰ লগতে নগাঁৱতো কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত আয়োজন কৰা হয় প্ৰভাত ফেৰী কাৰ্যসূচী(BJP take out rally in Nagaon on occasion of Kargil Vijay Diwas) । কাৰ্গিল বিজয় দিৱস উপলক্ষে নগাঁৱত শতাধিক বিজেপি কৰ্মীয়ে উলিয়াই এক শোভাযাত্ৰা । নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুৱালীৰ পৰা উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে নগাঁও সদৰ সমষ্টিৰ স্থানীয় বিধায়ক ৰূপক শৰ্মাই । শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই দেশমাতৃৰ সেৱাত নিয়োজিত প্ৰতিগৰাকী সেনা জোৱানকে শ্ৰদ্ধা নিবেদন কৰে ।