অসম

assam

ETV Bharat / videos

মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ - Joutha sangrami manch protest against Price hike

By

Published : Jul 27, 2021, 10:08 PM IST

সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ক'ভিড সৃষ্ট পৰিস্থিতিৰ গ্ৰাসত পৰি জীৱিকাৰ বাট হেৰুৱাই হাহাকাৰ অৱস্থা হৈছে অসমৰ হাজাৰ হাজাৰ সাধাৰণ পৰিয়ালৰ ৷ কিন্তু ইয়াৰ মাজতে ভয়াৱহভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ যাৰ বাবে দিশহাৰা হৈছে সাধাৰণ জনতা ৷ ইন্ধনজাত আৰু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত মঙলবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে যৌথ সংগ্ৰামী মঞ্চই ৷ পেট্ৰ’ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰ লগতে অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলীচালনাৰ ঘটনাৰো তীব্ৰ গৰিহণা দিয়ে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ হায় হায়, যোগানমন্ত্ৰী মূৰ্দাবাদ, মিজো আৰক্ষীৰ বৰ্বৰতা বন্ধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

ABOUT THE AUTHOR

...view details