Traffic violation: নিয়ম নমনা বাইক আৰোহীৰ বিৰুদ্ধে তৎপৰ আৰক্ষী - বাইক আৰোহীৰ বিৰুদ্ধে তৎপৰ আৰক্ষী
হেলমেট অবিহনে দুচকীয়া বাহন চলোৱা লোকৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈছে যান-বাহন আৰক্ষী ৷ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা মতে দুচকীয়া বাহন চলালোৰ সময়ত চালকৰ লগতে আৰোহী গৰাকীয়েও পৰিধান কৰিব লাগিব হেলমেট(Pillion riders have to wear helmet in Assam)৷ এই নিৰ্দেশনাৰ পাছত যান-বাহন আৰক্ষীয়ে তৎকালীন ভাৱে চহৰখনৰ লগতে সমগ্ৰ জিলাখনত হেলমেট অবিহনে দুচকীয়া বাহনত যাতায়ত কৰা চালক তথা আৰোহীৰ বিৰুদ্ধে চলাইছে অভিযান (Jorhat police on mission against traffic rule breakers ) ৷