অসম

assam

By

Published : Jun 16, 2022, 3:45 PM IST

ETV Bharat / videos

Embankment damages in Jonai : জোনাইত প্লাৱিত কেইবাখনো গাঁও

অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam) ৷ বিগত কেইবাদিনধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে নৈ-উপনৈসমূহৰ বক্ষ (Many areas submerged by river rising water) ৷ ইটোৰ পাচত সিটোকৈ ছিগিছে মথাউৰি ৷ ইয়াৰ মাজতে জোনাই নদীৰ বাঢ়নী পানীয়ে বুধবাৰে বিয়লি জোনাইৰ অকলেণ্ডৰ সমীপৰ মাছোৱা কেম্পৰ পৰা জিহুঘাটলৈ নিৰ্মীয়মান অৱস্থাত থকা এটা মথাউৰি ছিঙি লৈ যায় ৷ ফলত পলকতে প্লাৱিত হৈ পৰে অকলেণ্ড, শান্তপুৰ, গেজেৰা, মাজগাঁও, গোবিন্দপুৰ,লুহিজান, বলাইপাম আদি কেইবাখনো গাঁও ৷ যাৰ ফলত এতিয়া আপোন ঘৰখনৰ লগতে ডুব গৈছে অঞ্চলটোৰ ৰাইজৰ সপোনৰ খেতিডৰা (Jonai river damages embankment in Jonai) ৷ আনহাতে, অঞ্চলটোৰ একাংশ লোকৰ অভিযোগ, বিভাগীয় কৰ্তৃপক্ষই MGNREGA আঁচনিৰ অধীনত অতি নিম্নমানৰ কাম কৰিছে ৷

ABOUT THE AUTHOR

...view details