অসম

assam

ETV Bharat / videos

JE in Assam: ৰাজ্য়ত জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপ বৃদ্ধি - Undergoing treatment at GMCH

By

Published : Jul 13, 2022, 7:05 PM IST

অসমত সম্প্ৰতি জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপ বৃদ্ধি পাইছে (Japanese Encephalitis in Assam)। জি এম চি এইচত চিকিৎসাধীন অৱস্থাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৪ গৰাকী মৃত্যু মুখত পৰিছে (Undergoing treatment at GMCH)। পহিলা এপ্ৰিলৰ পৰা জি এম চি এইচত ২৮ গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোক আহিছে । ইয়াৰ ২০ গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ লগতে ৪ জন লোকৰ মৃত্যু হৈছে বুলি জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মাই সদৰি কৰিছে( GMC H Superintendent Abhijit Sharma) । তেঁও কয় যে এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত বহু ৰোগী জি এম চি এইচ ভৰ্তি হৈ আছে । এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্তই পহিলা এপ্ৰিলৰ পৰা আজিলৈ ১১৮ আহিছে । সম্প্ৰতি ৫৮গৰাকী চিকিৎসাধীন হৈ আছে । জি এম চি এইচত দৰং, শোণিতপুৰ ,মৰিগাও,নগাঁও, বৰপেটা,নলবাৰী আদি জিলাৰ পৰা ৰোগী আহিছে।জ্বৰ,মূৰ বিষ হ'লে তাৎক্ষণিক ভাৱে চিকিৎসা কৰাৰ আহ্বান জনোৱাৰ লগতে পথাৰলৈ গ'লে হাত দীঘল কাপোৰ পৰিধান কৰিবলৈ তেওঁ আহ্বান জনায়।ইপিনে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে প্রকাশ কৰা তথ্য অনুসৰি যোৱা এপ্ৰিলৰ পৰা 12 জুলাই পর্যন্ত অসমত 115 গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী ধৰা পৰিছে আৰু 13 গৰাকীৰ মৃত্য়ু হৈছে ।

ABOUT THE AUTHOR

...view details