অসম

assam

International Yoga Day 2022: টীয়কত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

By

Published : Jun 21, 2022, 10:47 PM IST

Published : Jun 21, 2022, 10:47 PM IST

২০১৫ চনৰ পৰা ৰাষ্ট্ৰসংঘই ঘোষণা কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস প্ৰতি বছৰে ২১ জুনৰ দিনটোত উদযাপিত হৈ আহিছে । সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি টীয়কতো আয়োজন কৰা হয় অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day 2022) ৷ যোৰহাট জিলা পতঞ্জলি সমিতিৰ উদ্যোগত,অনির্বাণ সাংস্কৃতিক গোষ্ঠী আৰু টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ যুটীয়া সহযোগত টীয়কত এই বিশেষ দিৱসটি পালন কৰা হয় ৷ এই উপলক্ষ্যে টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত টীয়কৰ বিভিন্ন দল-সংগঠন, অনুস্থান প্ৰতিস্থানৰ লগতে বহুসংখ্যক ব্যক্তি উপস্থিত থাকি যোগ সাধনাৰে দিনটো উদযাপন কৰে(International Yoga Day event in Teok) ৷ উক্ত শিৱিৰত যোৰহাট জিলা পতঞ্জলি সমিতিৰ সমন্বয়ক অৰুণ ফুকন, প্ৰশিক্ষক ৰুক্মিণী শইকীয়া, মৃদুলা বৰুৱা, সপ্ননীল দত্তকে প্ৰমুখ্য কৰি কেইবাজনো যোগ প্ৰশিক্ষক উপস্থিত থাকে । টীয়কৰ বিশিষ্ট শিক্ষাবিদ অৱসৰপ্ৰাপ্ত অধ্যাপক খগেন ফুকনে বন্তি প্ৰজ্বলন কৰি উক্ত যোগ শিৱিৰটো শুভাৰম্ভ কৰে ।

ABOUT THE AUTHOR

...view details