অসম

assam

By

Published : Jun 21, 2022, 1:19 PM IST

ETV Bharat / videos

নাজিৰাৰ ঐতিহাসিক কাৰেংঘৰৰ বাকৰিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

দেশজুৰি পালন কৰা হৈছে অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(8th International Yoga Day) । দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শিৱসাগৰ নাজিৰাৰ ঐতিহাসিক গড়গাঁৱৰ কাৰেংঘৰ বাকৰিত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুস অভিযান, অসম জিলা স্বাস্থ্য সমিতি আৰু IYNSৰ সহযোগত পালন কৰা হয় এই যোগ দিৱসটি । গড়গাঁৱৰ কাৰেংঘৰ বাকৰিত অনুস্থিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ(Deputy Chairman of Assam Assembly) ডাঃ নোমল মমিনে ৷ নাজিৰাৰ ভিন্ন প্ৰান্তৰৰ লোকে গড়গাঁও কাৰেংঘৰ বাকৰিত অনুস্থিত এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে । বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে সুস্বাস্থ্য গঢ়িবলৈ সকলোকে যোগাসন কৰিবলৈ আহ্বান জনায় । ইয়াৰ উপৰিও বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে যোগ অভ্যাসৰ জৰিয়তে নিৰোগী হোৱাৰ লগতে লাচিত বৰফুকনৰ দৰে মহাপ্ৰতাপী বীৰ হ'ব পৰা যাব বুলি সকলোকে যোগ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details