ধাননিত পোকৰ আক্ৰমণ: উপায়হীন কৃষকে পশুধনক খুৱালে গেৰ ধৰা ধান - পথাৰত পশুধন মেলি দিছে কৃষকে
জোনাইৰ ৰামধন দিকাৰী গাঁও পঞ্চায়ত অন্তৰ্গত বৰদণ্ডি অঞ্চলত খেতিয়ক ৰাইজে গাৰ ঘাম পানী কৰি কৰা কৃষি পথাৰৰ বছেৰেকীয়া খেতিত অচিন পোকে তাণ্ডৱ চলাইছে (Insects attack paddy field in Jonai) ৷ অচিন পোকৰ তাণ্ডৱত সেউজীয়া ধাননি পথাৰ আৱতৰতে পৰিণত হৈছে হালধীয়া পথাৰলৈ (Pest fest on paddy fields) । যাৰবাবে দুৰ্ভগীয়া খেতিয়ক ৰাইজে এতিয়া উপায়হীন হৈ মূৰে-কপালে হাত দি বহি থাকিবলগীয়া হৈছে ৷ অচিন পোকৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি জোনাই মহকুমা কৃষি বিভাগক আবেদন-নিবেদন কৰাৰ পিছতো কোনো সুফল নোপোৱাৰ অভিযোগ কৰিছে ভুক্তভোগী খেতিয়ক ৰাইজে । ফলত কৃষিজীৱি ৰাইজৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ(Dhemaji farmers worried over pest attack) । উপায়হীন হৈ ধাননি পথাৰত পশুধন মেলি দিছে কৃষকে ৷