গছত পোক, শ্ৰেণীকোঠাত পোক: পোকৰ উপদ্ৰৱত আধাতে ছুটী দিব লগা হ'ল বিদ্যালয় - পোকৰ উপদ্ৰৱত আধাতে ছুটি দিব লগা হল বিদ্যালয়
জোনাইত এখন বিদ্যালয়ত হাজাৰ হাজাৰ পোক ৷ পোকৰ উপদ্ৰৱত বিদ্যালয়ৰ পাঠদান সামৰিব লগা হ’ল আধাতে ৷ বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীকোঠা, প্ৰতিজোপা গছকে ধৰি মুঠতে সকলোতে হাজাৰ হাজাৰ পোকৰ উপদ্ৰৱ ৷ এই ঘটনা জোনাইৰ লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৷ শুকুৰবাৰে পুৱা বিছা জাতীয় হাজাৰ হাজাৰ পোকৰ উপদ্ৰৱত বিদ্যালয়খনত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ(Insect make menace at Jonai) ৷ বিদ্যালয়খনৰ চৌহদত থকা গছসমূহৰ পৰাও নামি অহা এই বিছা জাতীয় পোক শ্ৰেণীকোঠাসমূহত সোমাই পৰাত বিদ্যালয়ত পাঠদান ব্যাহত হয় ৷ বিদ্যালয়খনৰ প্ৰতিটো ৰূম, বেৰ, চিলিঙত বগাই ফুৰিছে হাজাৰ হাজাৰ পোক ৷ পোকৰ উৎপাত সহিব নোৱাৰি আধাতে বিদ্যালয় আধাতে ছুটী দিব লগা হোৱা বুলি জানিবলৈ দিয়ে শিক্ষকসকলে ৷ শিক্ষকসকলৰ মতে কাহানিও লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এনে ঘটনা হোৱা নাছিল ৷
Last Updated : Jul 29, 2022, 5:36 PM IST
TAGGED:
insect make menace at Jonai