অসম

assam

By

Published : Jul 28, 2022, 10:56 PM IST

ETV Bharat / videos

Mig-21 crash in Rajasthan: ৰাজস্থানৰ বাৰমেৰত মিগ-২১ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

ৰাজস্থানৰ ভাৰত-পাকিস্তান সীমান্তৰ বাৰমেৰ জিলাত বৃহস্পতিবাৰে নিশা ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু জেট মিগ বিমান দুৰ্ঘটনাত পতিত হয়(MiG-21 fighter aircraft crashes in Rajasthan) । বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই অগ্নিৰ লেলিহান শিখাই ছানি ধৰে আৰু যুঁজাৰু বিমানখনৰ ধ্বংসাৱশেষ প্ৰায় এক কিলোমিটাৰ এলেকাত ছিটিকি পৰে(Fighter plane crash in Barme) ৷ মিগ দুৰ্ঘটনাৰ ঘটনাই গাঁওবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছিল । তথ্য অনুসৰি, ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমানখন বাৰমেৰ জিলাৰ বাইতু আৰক্ষী থানাৰ অন্তৰ্গত ভিমৰা গাঁৱত নিশা প্ৰায় ৯ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় । ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই আৰক্ষী, জিলা প্ৰশাসনৰ দল আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় । ভাৰতীয় বায়ু সেনাৰ বিষয়াও ঘটনাস্থলীলৈ ৰাওনা হোৱাৰ কথা জানিব পৰা হৈছে । বৰ্তমানলৈ জানিব পৰা হোৱা নাই পাইলটজনৰ বিষয়ে(Indian Air Force fighter plane MiG crash in Rajasthan) ৷

ABOUT THE AUTHOR

...view details