মাৰ্ঘেৰিটাত চোৰাং কয়লাভৰ্তি ডি আই জব্দ
মাৰ্ঘেৰিটাৰ নামদাঙত চোৰাং কয়লাভৰ্তি ডি আই জব্দ । মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং নিছু লাইনত চোৰাং কয়লা সৰবৰাহ কৰা AS 23 CC 3780 নম্বৰৰ এখন মেক্স ডি আই গাড়ী সাংবাদিক আৰু স্থানীয় ৰাইজে জব্দ কৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি একাংশ চোৰে নামদাং, বৰগোলাই, লিডু আদি অঞ্চলৰ পৰা গাড়ীৰ ওপৰত বালি, মাটি, ভঙা ইটা আদি দি কৌশলেৰে কয়লাৰ চোৰাং বেহা চলাই স্থানীয় ইটা ভাটাসমূহত যোগান দি আহিছিল । সমগ্ৰ ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।