অসম

assam

ETV Bharat / videos

নিৰাপত্তাৰক্ষী তথা কনভয় এৰি 108ত মন্ত্ৰী বিমল বড়া - নিৰাপত্তাৰক্ষী তথা কনভয় এৰি 108ত মন্ত্ৰী বিমল বড়া

By

Published : Jun 6, 2022, 2:03 PM IST

ৰাজ্যৰ মন্ত্ৰী তথা জনপ্ৰতিনিধিসকল বিভিন্ন বিতৰ্কৰ মাজত সোমাই থকাৰ সময়তে মহানুভৱতাৰে প্ৰশংসা বুটলিছে মন্ত্ৰী বিমল বড়াই । চৰকাৰী ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজতে নিজৰ কনভয় ৰখাই পদপথত দুৰ্ঘটনাত পতিত হোৱা এগৰাকী যুৱকক সহায়ৰ বাবে তৎপৰ হোৱা দেখা গ'ল মন্ত্ৰী বিমল বড়াক(Minister Bimal Bora helps youth seriously injured in accident) । নিৰাপত্তাৰক্ষী তথা কনভয় এৰি দুৰ্ঘটনাত পতিত হোৱা যুৱকক ১০৮ সেৱাৰে নি পোৱালেগৈ AMCH । উল্লেখযোগ্য যে নিজ সমষ্টিৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৫২ ( B) ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাজগড় অভিমুখে আহি থকা অৱস্থাত লেঙেৰিত এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত এগৰাকী যুৱকক প্ৰত্যক্ষ কৰে ৷ যুৱকজনক তৎকালীন চিকিৎসা প্ৰদানৰ বাবে মন্ত্ৰী গৰাকীয়ে নিজে ১০৮ জৰুৰী সেৱাত যোগাযোগ কৰি যুৱক জনক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় । মন্ত্ৰীগৰাকীৰ এই কাৰ্যক প্ৰশংসাৰে ওপচাই তুলিছে সকলোৱে(humanism of minister Bimal bora) ।

For All Latest Updates

ABOUT THE AUTHOR

...view details