ওডিশাত লাইনচ্যুত হাওৰা-ভুৱনেশ্বৰ জন শতাব্দী এক্সপ্ৰেছ - Train derailed at a level crossing
ওডিশাৰ ভদ্ৰকৰ ওচৰৰ লেভেল ক্ৰছিঙত শুকুৰবাৰে নিশা লাইনচ্যুত হয় হাওৰা-ভুৱনেশ্বৰ জন শতাব্দী এক্সপ্ৰেছ(Howrah-Bhubaneswar Jan Shatabdi Express) । এটা ষাড় ৰেলখনৰ সন্মুখত অহাৰ ফলত ইঞ্জিনৰ পাছফালে থকা গাৰ্ড-কাম-লাগেজ ভেনখনৰ ব্ৰেক হঠাতে মৰাত লাইনচ্যুত হয় ৰেলখন(Train derailed at a level crossing) ৷ অৱশ্যে এই ঘটনাত কোনো যাত্ৰী হতাহত হোৱাৰ কথা জানিব পৰা হোৱা নাই । দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত ৰেল বিভাগৰ বিষয়া উপস্থিত হৈ পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰে ৷