নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঐতিহাসিক জেংৰাইমুখ টাউন - Many areas of Majuli are under flood
মাজুলীত গৰা খহনীয়াৰ কাল ৰূপ (Erosion in Majuli)। এফালে যদি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই মাজুলীৰ বিভিন্ন স্থানত লৈছে ভয়ংকৰ ৰূপ, আনফালে আকৌ খেৰকটীয়া সুঁতিতো আৰম্ভ হৈছে খহনীয়াৰ তাণ্ডৱ । খেৰকটীয়া সুঁতিৰ খহনীয়াৰ কবলত পৰিছে মাজুলীৰ বহু অঞ্চল (Many areas of Majuli are under flood)। আনকি সুঁতিৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ঐতিহাসিক জেংৰাইমুখ টাউন । খেৰকটীয়া সুঁতিৰ মাত্ৰ ১৫ ৰ পৰা ২০ মিটাৰ নিলগত আছে কবি অজিৎ বৰুৱাৰ কবিতাৰ উৎস ঐতিহাসিক জেংৰাইমুখ । যিকোনো মূহুৰ্ততে খেৰকটীয়া সুঁতিৰ বুকুত জাহ যাব পাৰে জেংৰাইমুখ সামূহিক ভৱন আৰু ঐতিহাসিক জেংৰাইমুখ টাউন । সেয়েহে এই খহনীয়া ৰোধৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা স্থানীয প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে ।