Jorhat-Majuli Bridge : আজি খুঁটা পোতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে - যোৰহাট মাজুলী সংযোগী দলং
সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই খুঁটা পোতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব যোৰহাট-মাজুলী সংযোগী দলঙৰ (Jorhat-Majuli Bridge)৷ প্ৰায় 925 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া দলংখনৰ দৈৰ্ঘ হ’ব 4 কিল’মিটাৰ ৷ দলংখনত থাকিবলগীয়া মুঠ খুঁটাৰ সংখ্যা হ’ব 65 টা ৷ ইয়াৰে 10 টাকৈ খুঁটা সম্পূৰ্ণ বিশাল ব্ৰহ্মপুত্ৰৰ বক্ষত স্থাপন কৰা হ’ব ৷ 2016 চনতে জে পি নাড্ডাই আধাৰশিলা স্থাপন কৰা যোৰহাট-মাজুলী সংযোগী দলং (Jorhat-Majuli Bridge)খনৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাক লৈ উৎফুল্লিত হৈ পৰিছে মাজুলীবাসী ৷ দলংখনৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিলে মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব ৷