অসম

assam

ETV Bharat / videos

খাদ্যৰ সন্ধানত হাতীমূৰাৰ লুইতৰ চৰত আশ্ৰয় এজাক বন্যহস্তীৰ

By

Published : Jun 6, 2021, 8:57 PM IST

কলিয়াবৰত মহিষমৰ্দিনী দুৰ্গা মন্দিৰস্থিত হাতীমূৰা পাহাৰৰ পাদদেশৰ লুইতৰ চৰত প্ৰত্যক্ষ কৰা হৈছে বন‍্যহস্তীৰ এক বৃহৎ জাক ৷ বিগত চাৰিদিন ধৰি শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ খাদ‍্যৰ সন্ধানত লুইতৰ মাজৰ চৰত তিনিদিন ধৰি আশ্ৰয় লৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা হাতীৰ জাকটো । ইফালে লুইতৰ পানী বাঢ়ি অহাৰ লগে লগে শংকিত হৈ পৰিছে হাতীমূৰাবাসী । কিয়নো পানী বাঢ়ি অহাৰ ফলত চৰটো ডুব গ’লে হাতীৰ জাকটো আশ্ৰয়ৰ বাবে হাতীমূৰা পাহাৰ অঞ্চললৈ উঠি অহাৰ সম্ভাৱনা আছে । উক্ত বিষয়টোক লৈ ইতিমধ‍্যে বন বিভাগক দৃষ্টিগোচৰ কৰিছে অঞ্চলবাসীয়ে ৷

ABOUT THE AUTHOR

...view details