অসম

assam

ETV Bharat / videos

Demanding transfer of teacher: শিক্ষয়িত্ৰীক বদলিৰ দাবীত ডুমুৰীয়া-পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি - Protest demanding transfer of teacher

By

Published : Aug 5, 2022, 11:28 AM IST

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ডুমুৰীয়া-পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি । শিক্ষয়িত্ৰীক বদলিৰ দাবীত ওলাই আহিল অভিভাৱকৰ লগতে ছাত্ৰ-ছাত্ৰী(Protest demanding transfer of teacher) । শিক্ষয়ত্ৰীক বিদ্যালয় চৌহদত প্ৰৱেশত বাধা প্ৰদান অভিভাৱকৰ লগতে ছাত্ৰ-ছাত্ৰীৰ । বিদ্যালয় খনৰ সহঃশিক্ষয়ত্ৰী মৰ্জিনা বেগমে তাইৰ সতীৰ্থ শিক্ষয়িত্ৰীৰ সৈতে প্ৰায় প্ৰতিদিনেই অশ্লীল গালি-গালাজ কৰাৰ অভিযোগ সতীৰ্থ শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ । পূৰ্বতেও সহঃশিক্ষয়িত্ৰী মৰ্জিনা বেগমৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আনিছিল ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলে । মৰ্জিনা বেগমৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগৰ ক্ষেত্ৰত নীৰৱ ভূমিকা পালন বিভাগীয় কৰ্তৃপক্ষৰ । শিক্ষয়ত্ৰী মৰ্জিনা বেগমৰ বিৰুদ্ধে ৰাইজে শৈক্ষিক পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ তুলি উক্ত বিদ্যালয় খনৰ পৰা বদলিৰ কৰাৰ দাবীৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

ABOUT THE AUTHOR

...view details