মাজুলী জিলা চিকিৎসালয়ৰ বিড়ম্বনা: মন্ত্ৰী গ'ল, চিকিৎসকো অন্তৰ্ধান হ'ল - Heated situation in Majuli
অভিভাৱক মন্ত্ৰী হিচাপে মাজুলীৰ দায়িত্ব লোৱাৰ পাছত দেওবাৰে মাজুলীত উপস্থিত হয় ডাঃ ৰণোজ পেগু (Ronuj Pegu in Majuli) । মাজুলীত উপস্থিত হৈ পুৱা ভাগত মাজুলীৰ গড়মূৰস্থিত জিলা চিকিৎসালয় পৰিভ্ৰমণ কৰিছিল অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । পিছে মন্ত্ৰীয়ে মাজুলী এৰা কিছুসময়ৰ পাছতে অন্তৰ্ধান হ'ল জিলা চিকিৎসালয় পৰা চিকিৎসক । চিকিৎসকক বিচাৰি ৰোগীৰ হাহাকাৰ কৰিবলগীয়া এক পৰস্থিতিৰ সৃষ্টি হয় (No doctors in Majuli district hospital) । তিনি ঘন্টা ধৰি চিকিৎসক বিচাৰি নাপাই ৰোগীৰ আত্মীয়ই অপেক্ষা কৰি ক্ষোভিত হৈ পৰে । চিকিৎসক নথকাকলৈ এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় জিলা চিকিৎসালয়খনত (Heated situation in Majuli) । পূৰ্বেও চিকিৎসক সময়ত উপস্থিত নথকাৰ অভিযোগ এই সকল ৰোগীৰ আত্মীয়ৰ ।