অসম

assam

ETV Bharat / videos

চচলত গোর্খা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

By

Published : Sep 19, 2022, 10:43 PM IST

ৰাজ্যৰ প্ৰায় ২৫ লাখ গোর্খা জনগোষ্ঠীক গোর্খা শ্বায়ত্ব শাসন প্ৰদানৰ দাবী তুলি সোমবাৰে মহানগৰীৰ চচলত সদৌ অসম গোর্খা ছাত্র সন্থাৰ উদোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়(Protests demanding Gorkha autonomy)। দীৰ্ঘদিনীয়া ন্যাৰ্য প্ৰাপ্তিৰ দাবীত চচলৰ ধৰ্ণাস্থলীত গোর্খা ছাত্র সন্থাৰ দুই শতাধিক সদস্যই অসমৰ খিলঞ্জীয়া গোর্খা জনগোষ্ঠীৰ শৈক্ষিক, অৰ্থসামাজিক, সাংবিধানিক আৰু ৰাজনৈতিক সমস্যা সমূহৰ স্থায়ী সমাধানৰ একমাত্ৰ সূত্ৰ গোর্খা শ্বায়ত্ব শাসন প্ৰদানৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Protest in Sasal) । প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড লৈ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । সন্থাই শীঘ্ৰেই গোর্খা সকলক গোর্খা শ্বায়ত্ব শাসন প্ৰদানৰ দাবী তুলি দিছপুৰ থানাৰ এ চি পিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details