লখিমপুৰৰ নকাড়ী ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী উদযাপন - বেহাৰবাৰী আউপোষ্টৰ অভিনেতা অভিনেত্ৰী
শুকুৰবাৰে লখিমপুৰৰ নকাড়ী ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী উপলক্ষে এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে (Golden Jubilee of Nakari Rongali Bihu Sanmilan) ৷ উল্লেখ্য যে, শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া লখিমপুৰৰ নকাড়ী ৰঙালী বিহু সন্মিলন (Nakari Rongali Bihu Sanmilan of Lakhimpur)৷ ইফালে, বিভিন্ন জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ প্ৰকাশ ঘটা এই বাৰেৰহণীয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউপোষ্টৰ অভিনেতা অভিনেত্ৰীসকল (Beharbari Outpost's casts is present at Lakhimpur) ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অভিভূত হৈ পৰে ধাৰাবাহিকখনৰ কলা-কুশলীসকল ৷