অসম

assam

By

Published : Aug 30, 2022, 2:14 PM IST

ETV Bharat / videos

কৰিমগঞ্জৰত বুজন পৰিমাণৰ গাঞ্জা জব্দ

কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়িত বুজন পৰিমান গাঞ্জা জব্দ(Ganja seized in Karimganj) । এইবাৰ পঞ্চাশ ষাঠি কেজি নহয় ৪ হেজাৰ ৭শ ২৮ কেজি গাঞ্জা জব্দ কৰিলে অসম আৰক্ষীয়ে(4728 kg ganja seized) । সোমাবাৰ নিশা আৰক্ষীৰ তালাচীত জব্দ গাঞ্জাখিনি । ত্ৰিপুৰাৰ পৰা ৰবৰ কঢ়িয়াই অনা AS01FC1894 নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি । অৱশ্যে তালাচী চলোৱাৰ সময়তে চালকজনে গাড়ী এৰি পলায়ন কৰে । গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে । আগৰতলাৰ পৰা গুৱাহাটী অভিমুখে আনি আছিল গাঞ্জাখিনি ।

ABOUT THE AUTHOR

...view details