অসম

assam

By

Published : Jun 28, 2022, 10:33 PM IST

ETV Bharat / videos

খাৰুপেটীয়াত আৰক্ষী-প্ৰশাসনে জ্বলাই দিলে ৫০ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী

পথাৰৰ মাজত দাউ দাউকৈ জ্বলিল জুই । জুইত জ্বলিল আৰক্ষীৰ অভিযানত জব্দ হোৱা নিচাযুক্ত সামগ্ৰী । মঙলবাৰে দৰং জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত নেপালী বজাৰস্থিত শ্লুইছ গেটৰ সমীপত জ্বলাই দিয়ে দৰং প্ৰশাসনে জব্দ কৰা প্ৰায় ৫০ লাখ টকা মূল্যৰ নিচাজাতীয় গাঞ্জা(Ganja Burnt by Darang Administration in Kharupetia), ব্ৰাউন চুগাৰৰ লগতে হেৰ'ইন‌(Narcotic items Burnt by Darang police Administration) । দৰং আৰক্ষী-প্ৰশাসনে জানিবলৈ দিয়ামতে, বিগত ৬ মাহৰ ভিতৰত জিলাখনৰ ৬ খন থানাত আৰক্ষীয়ে ভিন্ন প্ৰান্তত অভিযান‌ চলাই জব্দ কৰিছিল উক্ত নিচাজাতীয় দ্ৰব্যখিনি । য'ত আছে ৩০৭ কিলোগ্ৰাম গাঞ্জা, ১৩৬ গ্ৰাম ব্ৰাউন চুগাৰ, আৰু ৫০ গ্ৰাম হেৰ'ইন‌ ৷ দৰং জিলা আৰক্ষী অধীক্ষক ৰাজ মোহন ৰায়ৰ উপস্থিতিত গাত খান্দি জ্বলাই দিয়া হয় নিচাজাতীয় সামগ্ৰীখিনি । ইফালে দাহন কাৰ্যসূচীত উপস্থিত থাকে উপ আৰক্ষী অধীক্ষক ৰূপম ফুকন, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ লগতে জিলাখনৰ বিভিন্ন থানাৰ আৰক্ষী বিষয়াসকল ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details