অসম

assam

মোডীৰ জন্মদিন উপলক্ষে BJP ৰ বিনামূলীয়া চিকিৎসা শিৱিৰ

By

Published : Sep 24, 2022, 8:19 PM IST

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে(PM Modi Birthday) দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে নগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো আয়োজন কৰি আহিছে ৰক্তদান শিবিৰ, বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু স্বচ্ছ ভাৰত অভিযানৰ দৰে বিভিন্ন কাৰ্যসূচী । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শনিবাৰে ৰহা মধ্য টুপাকোচিত ভাৰতীয় জনতা পাৰ্টীৰ, নগাঁও জিলাৰ উদ্যোগত আৰু ৰহা টাউন মণ্ডলৰ সহযোগত আয়োজন কৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ(Free health camp held in Raha) । উক্ত শিবিৰত ৰহাৰ মধ্য টুপাকোচিত প্ৰায় এক শতাধিক লোকে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ লাভ কৰে(Medical camp by BJP) । উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ডিপ্লু ৰঞ্জন শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলাৰ সভাপতি অভিজিত কুমাৰ নাথ ।

ABOUT THE AUTHOR

...view details