অসম

assam

যোৰহাটত সদৌ অসম কবি সন্মিলনৰ লাই খুঁটা স্থাপন

By

Published : Sep 21, 2022, 10:37 PM IST

আজি সদৌ অসম কবি সন্মিলনৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ যোৰহাট অধিবেশনৰ লাই খুঁটা যোৰহাট জিলা পুথিভঁড়াল প্ৰাংগণত স্থাপন কৰা হয় (foundation post of All Assam Poets Association Installed)। বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্ম ভাষা, বৰ্ণ, সমন্বয়ৰ আৰু সম্প্ৰীতি মিলন ভূমি যোৰহাটত ৭, ৮ আৰু ৯ অক্টোবৰত তিনিটা দশক অতিক্ৰম কৰা সদৌ অসম কবি সন্মিলনৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অনুষ্ঠান অনুষ্ঠিত হ'ব (All Assam Poets Association)। সেই মহৎ উদ্দেশ্য আগত ৰাখি যোৰহাট জিলা পুথিভঁড়াল প্ৰাংগণত মাংগলিক নীতি-নিয়মৰ মাজেৰে লাইখুটা স্থাপন কৰা হয় । আজি কবি সন্মিলনৰ লাই খুঁটা স্থাপনৰ কাৰ্যসূচীত সদৌ কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও আগশাৰীৰ কবিয়েও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

ABOUT THE AUTHOR

...view details