অসম

assam

ETV Bharat / videos

দিখৌ নদীত অস্বাভাৱিক হাৰত মাছৰ মৃত্যু - শিৱসাগৰত মাছ মৰাৰ ক্ষেত্ৰত জাৰি 144 ধাৰা

By

Published : Apr 16, 2022, 9:04 AM IST

Updated : Apr 16, 2022, 1:10 PM IST

শিৱসাগৰৰ দিখৌ নৈত অস্বাভাৱিক হাৰত মৃত্যু মাছ(Fish dies in Dikhou River)ৰ ৷ এই ঘটনা সংঘটিত হৈছে পহিলা ব’হাগৰ দিনটোতে ৷ আকস্মিকভাৱে মৃত্যু ঘটা মাছসমূহ নৈখনত ওপঙি উঠাত মৃত মাছ ধৰিবলৈ নৈৰ পাৰ ভৰি পৰে স্থানীয় লোকেৰে ৷ বিশেষকৈ দিখৌৰ দুলীয়া, দিচিয়াল, ধনেখোৱা আদি অঞ্চলত মৃত মাছ উপঙি উঠা পৰিলক্ষিত হয় ৷ স্থানীয় লোকে সন্দেহ কৰা অনুসৰি, অইলৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্য নৈত মিহলি হোৱাৰ ফলতে মাছসমূহৰ অস্বাভাৱিক মৃত্যু ঘটে ৷ সাধাৰণতে এই সময়চোৱা মাছৰ প্ৰজনৰৰ সময় ৷ এই সময়ত থলুৱা মাছ মৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ মীন বিভাগে জাৰি কৰে 144 ধাৰা(Section 144 imposed in Sivsagar) ৷ শিৱসাগৰতো বৰ্তমান এই ধাৰা জাৰি কৰা হৈছে ৷ সেয়ে স্থানীয় লোকসকলে থলুৱা মাছৰ মৃত্যুৰ কাৰণ বিচৰাৰ লগতে দোষীক শাস্তি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে ৷
Last Updated : Apr 16, 2022, 1:10 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details