নলবাৰীৰ উত্তৰ বালিত মৰা পাগলাদিয়া নৈৰ তাণ্ডৱ - বানে ধ্বংস কৰিলে শস্য
নলবাৰীৰ উত্তৰ বালিত মৰা-পাগলাদিয়া নৈৰ তাণ্ডৱ (First wave Assam floods hit Bali in Nalbari)। বিগত কেবাদিন ধৰি চলা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা মৰা-পাগলদিয়া নৈয়ে সম্প্ৰতি উত্তৰ বালিত চলাইছে ভয়ংকৰ তাণ্ডৱ ৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, ভগ্ন মথাউৰি মেৰামতি নকৰাৰ বাবেই চিগিল মৰা-পাগলদিয়া নৈৰ মথাউৰি । এই নৈৰ বানে ইতিমধ্যে প্লাবিত কৰিছে উত্তৰ বালি অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমিৰ লগতে বাসগৃহ ৷ ইফালে চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষ তথা স্থানীয় প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে ক্ষোভিত হৈ পৰিছে বন্যাৰ্ত ৷ আনহাতে বানে অঞ্চলটোৰ খেতিসমূহ বিনষ্ট কৰাত মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে দুৰ্ভগীয়া কৃষসকলৰ ৷