অসম

assam

By

Published : Jun 24, 2022, 7:36 PM IST

ETV Bharat / videos

Fire hits running car: 31নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত বাহনত লাগিল জুই

কামৰূপৰ মদনপুৰ টোলগেটত অঘটন । হঠাৎ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত দাউ-দাউ জ্বলি উঠিল এখন চলন্ত চাৰিচকীয়া বাহন (Fire hits running car on road at Baihata) । বাইহাটা চাৰিআলিৰ পৰা গুৱাহাটীৰ অভিমুখে গৈ থকা অৱস্থাত মদনপুৰ টোলগেটত টোল কৰ দিবলৈ ৰৈ থাকোতে বাহনখনৰ পৰা ধোঁৱা নিৰ্গত হয় । লগে লগে বাহনখনৰ ভিতৰত থকা যাত্ৰীকেইজন বাহনখনৰ পৰা ওলাই আহে । তাৰ পাচত মূহুৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে বাহনখনক । ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক আতংময় পৰিৱেশৰ (Tense situation at Baihata)৷ লগে লগে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও সময় মতে অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে ৷ অৱশেষত বাইহাটা চাৰিআলিৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

...view details