মহানগৰীৰ বশিষ্ঠত বিধ্বংসী অগ্নিকাণ্ড: লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত - গেছৰ চিলিণ্ডাৰ লিকেজ
মহানগৰীৰ বশিষ্ঠত বিধ্বংসী অগ্নিকাণ্ড (Fire breaks out in Guwahati) । বশিষ্ঠ লতাকাতাৰ এটা মিঠাইৰ কাৰখানাত সংঘটিত হয় এই অগ্নিকাণ্ড । কাৰখানাটোত থকা গেছৰ চিলিণ্ডাৰ লিকেজৰ পৰা এই জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে (Cylinder explosions in Guwahati)। তথ্য অনুসৰি, শনিবাৰে পুৱা প্ৰায় ৮:৩০ বজাত লতাকাতাৰ হৰিপ্ৰসাদ শৰ্মা নামৰ লোকজনৰ ঘৰটো অগ্নিকাণ্ডত জাহ যায় । ঘৰটোৰ এটা ফালে মিঠাইৰ কাৰখানাৰ লগতে আনটো ফালে আছিল বাসগৃহ । এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে । ইফালে এই ঘটনাৰ খবৰ লাভ কৰিয়েই সেই স্থানত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোক ৷ পৰৱৰ্তী সময়ত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নুমাবলৈ সক্ষম হয় ।