Ferry service resume: আজিৰে পৰা পুনৰ মাজুলী নিমাতিৰ মাজত ফেৰী সেৱা আৰম্ভ - Majuli Nimati Ferry service resume
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী নিমাতিৰ মাজত চলাচল কৰা ফেৰী সেৱা(Majuli Nimati Ferry service resume) । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা আৰু ফেৰী ৰখোৱা ৰেম্প সমূহ বাঢ়নি পানীত ডুব গৈ থকাৰ বাবে ২৯ জুনৰ পৰা বন্ধ হৈ আছিল মাজুলী নিমাতিৰ মাজত চলাচল কৰা ফেৰী সেৱা । বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ বাবে শনিবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে এই ফেৰী সেৱা(Water level of Brahmaputra decreasing) । মাজুলী আৰু নিমাতিৰ মাজত পুনৰ ফেৰী সেৱা আৰম্ভ হোৱাৰ লগে লগেই পাৰাপাৰ হ’বলৈ ফেৰী ঘাট সমুহত পুৱাৰে পৰা যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে । এই ফেৰী সেৱা বন্ধ হোৱাৰ লগে লগেই যেন একপ্ৰকাৰ গৃহবন্দী হৈ পৰে মাজুলীৰ দুই লক্ষাধিক জনতা ।