অসম

assam

ETV Bharat / videos

হাতী মানুহৰ সংঘাত ৰোধৰ বাবে গোলাঘাটৰ কৃষকৰ ব্যতিক্ৰমী পদক্ষেপ - Farmers exceptional initiative

By

Published : Aug 17, 2022, 8:47 PM IST

ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant Conflict)৷ গোলাঘাটত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে বনাঞ্চলত কৃষকৰ ব্যতিক্ৰমী পদক্ষেপ । দেওপাহাৰৰ বনাঞ্চলত বন্যহস্তীৰ বাবে খাদ্যৰ অভাৱ দূৰ কৰাৰ প্ৰয়াস কৰিছে একাংশ কৃষকে । নুমলীগড়ৰ ইতিহাস প্ৰসিদ্ধ দেওপাহাৰ বৰ্তমানৰ দেওপাহাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত মৰঙিৰ একাংশ কৃষকে হাতীৰ উপযোগী খাদ্য কলগছ, কঠাল, বাঁহ আদি ৰোপনেৰে হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে (Farmers exceptional initiative to prevent elephant human conflict)। মৰঙিৰ কেইবা হেক্টৰ কৃষি ভূমিত বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবেই খেতি নকৰি ছন পেলাই থ’ব লগা হৈছে । বনাঞ্চলত খাদ্যৰ নাটনি হোৱাৰ বাবেই বিভিন্ন সময়ত জনাঞ্চলত হাতীৰ জাক প্ৰৱেশ কৰি আহিছে । সেয়ে গছপুলি ৰোপন কৰি হাতীৰ অত্যাচাৰৰ পৰা কিছু হ’লেও সকাহ পোৱাৰ আশা কৰিছে এইসকল কৃষকে ৷

ABOUT THE AUTHOR

...view details