অসম

assam

ETV Bharat / videos

Fair price traders protest: সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড় - সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড়

By

Published : Jul 11, 2022, 4:13 PM IST

সোমবাৰে সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদত উত্তাল হৈ পৰিল ডিব্ৰুগড়ৰ ৰাজপথ(Protest in Dibrugarh)৷ সদৌ অসম ব্যৱসায়ী সন্থাৰ আহ্বান মৰ্মে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সুলভ মূল্যৰ ব্যৱসায়ীসকলে নিজৰ প্ৰাপ্য আৰু অধিকাৰ বিচাৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে(Cooperative Traders Association protest in Dibrugarh)। প্ৰতি কুইণ্টল চাউল বিতৰণৰ বাবে ৪৪০ টকালৈ বৃদ্ধি কৰা, আকাশলংঘী কেৰাচিন তেলৰ মূল্য হ্ৰাস কৰাৰ পৰিৱৰ্তে প্ৰতিগৰাকী গ্ৰাহকক ৫ লিটাৰকৈ কেৰাচিন তেল সুলভ মূল্যত যোগান ধৰা, অন্যান্য ৰাজ্যৰ দৰে অসমতো সুলভ মূল্যত চেনি যোগান ধৰা আদি দাবী উত্থাপন কৰে । আনহাতে ব্যৱসায়ীসকলে ১২ টাকৈ দাবী সম্বলিত এখনি স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

...view details