অসম

assam

ETV Bharat / videos

খহনীয়াৰ কবলত বেৰা চাপৰিৰ মূল পথ - Erosion of road in Jonai

🎬 Watch Now: Feature Video

By

Published : Oct 10, 2022, 4:38 PM IST

যোৱা দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জোনাই (Heavy rain in Jonai) সদৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পথত বৃহত্তৰ বেৰা চাপৰি (Bad condition of road in Jonai) অঞ্চল । জোনাই সদৰৰ পৰা বাহিৰ জোনাই,লুহিজান-ৰুহিতপুৰ দেউৰী হৈ বৃহত্তৰ বেৰা চাপৰি অঞ্চলৰ ২০ খনৰো অধিক গাঁৱলৈ যোৱা একমাত্র গড়কাপ্তানি পথৰ ওপৰৰ কেইবাঠাইতো বৰষুণৰ পানীয়ে খহাই নিয়াত যিকোনো মুহূৰ্ততে (Erosion of road in Jonai) পথটেোৰে যোগাযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে । জানিব পৰা মতে, উক্ত গড়কাপ্তানি পথটোৰ ঠিকা লাভ কৰা ঠিকাদাৰে বিভাগীয় বিষয়া অভিযন্তাৰ সৈতে বুজাবুজি থকাত অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাত এজাক সাধাৰণ বৰষুণৰ পানীয়ে পকী পথটো খহাই নিছে । ফলত যোগাযোগ বিচ্ছিন্ন হোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজে । যিহেতু উক্ত পথৰ বাদে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাবে নাই কোনো বিকল্প পথ । স্কুল-কলেজকে ধৰি চিকিৎসা, ব্যৱসায় আদিৰ বাবে বৃহত্তৰ অঞ্চলটোৰ শ শ ছাত্ৰ-ছাত্ৰী, ৰাইজে দৈনিক এই পথেৰে জোনাই সদৰলৈ কৰে অহা-যোৱা । কিন্তু ইমানৰ পিছতো জোনাই লোক নিৰ্মাণ বিভাগ কিম্বা ঠিকাদাৰে পথটোৰ মেৰামতি নকৰাৰ অভিযোগ কৰিছে অঞ্চলটোৰ ৰাইজে ।

ABOUT THE AUTHOR

...view details