Erosion in majuli: লুইতৰ খহনীয়াই বিপদ মাতিছে মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰ - লুইতৰ খহনীয়াই বিপদ মাতিছে মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰ
মাজুলীৰ ভকত চাপৰি গৰুখুটিত খহনীয়াৰ ভয়াৱহ তাণ্ডৱ (Erosion in majuli)। প্ৰায় প্ৰতিবছৰে বান আৰু গৰাখহনীয়াই বিধ্বস্ত কৰা গৰুখুটি অঞ্চলত আজিও চলি আছে ভয়ংকৰ খহনীয়া । ব্ৰহ্মপুত্ৰ ব’ৰ্ডে বাৰিষাৰ সময়ত কেইটামান জি’অ বেগ দি আভুৱা ভাৰি লুণ্ঠন চলোৱাৰ অভিযোগ ভকত চাপৰিৰ এই বৃহত্তৰ অঞ্চলত । বিগত বানৰ পিছতে অঞ্চলটোত স্থাপন কৰা বৃহৎ পৰিমাণৰ জি’অ বেগ ৰাতিটোৰ ভিতৰতে উটুৱাই নিয়াত হাহাকাৰ লাগিছে অঞ্চলবাসীৰ মাজত (Erosion of Brahmaputra river) । দৈনিক বিশাল কৃষি ভূমি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত । কিন্তু নিৰ্বিকাৰ সংশ্লিষ্ট বিভাগ , জিলা প্ৰশাসন । এনেদৰে খহনীয়া অব্যাহত থাকিলে মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰকে আদি কৰি নামনি মাজুলীৰ এক বিশাল ভূমি খণ্ডৰ বাবে অশনি সংকেত আহিব পাৰে । সেয়াহে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sharma), কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ (Union Minister Sarbananda Sonowal) অতি সোনকালেই খহনীয়া ৰোধৰ ব্যৱস্থা কৰিবলৈ আহ্বান ৰাইজৰ ।