অসম

assam

By

Published : Jun 20, 2022, 4:47 PM IST

ETV Bharat / videos

ৰঙাপৰাৰ ভেলোৱাটাৰ গাঁৱত গাভৰুৰ নৈৰ ব্যাপক খহনীয়া

ৰাজ্যৰ ভিন্ন প্ৰান্তত বান আৰু গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি থকাৰ সময়তে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো গাভৰু নৈত অব্যাহত আছে গৰাখহনীয়া । নৈখনে সৃষ্টি কৰা খহনীয়াত জাহ গ’ল বহুবিঘা কৃষিভূমি(Cultivation destroy in erosion at Rangapara)। শোণিতপুৰ জিলাৰ ৰঙাপৰা ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেলোৱাটাৰ গাঁৱত গাভৰু নৈৰ বাঢ়নী পানীয়ে তীব্ৰ গৰাখহনীয়া সৃষ্টি কৰিছে ৷ আনহাতে, গাভৰু নৈয়ে গাঁওখনত থকা মূল মথাউৰিটো সম্পূৰ্ণৰূপে খহাই নিয়াত কেঁচা পথটিৰ লগতে নৈখনৰ বুকুত জাহ গ'ল কৃষক ৰাইজৰ কৃষিভূমি ৷ কালৰূপ ধাৰণ কৰা নৈখনে 1 কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি চিঙি পেলোৱাৰ ফলত ৰঙাপৰা ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেলোৱাটাৰ গাঁৱত নৈখনে ব্যাপক গৰাখহনীয়া সৃষ্টি হৈছে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details