অসম

assam

তিনিদিন ধৰি বিদ্যুতে জ্বলা-কলা খুৱাইছে হেলেমবাসীক

By

Published : May 29, 2021, 10:35 AM IST

বিশ্বনাথৰ হেলেমত শক্তি বিভাগে ভেকো-ভাওনা আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে । হেলেমবাসীৰ অভিযোগ অনুসৰি, নিশা হ’লেই অঞ্চলটোত বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া হয় । বিগত তিনিদিন ধৰি বিদুৎ সৰবৰাহ বন্ধ হৈ আছে অঞ্চলটোত । অসম-অৰুণাচল সীমান্তৰ পৰা ব্ৰহ্মপুত্ৰৰ গমিৰিলৈকে 123 টা ট্ৰান্সফৰ্মাৰৰ কোনো এটা বিকল হ’লেই আন ট্ৰেন্সফৰ্মাৰসমূহতো নাথাকে বিদ্যুৎ ৷ ইয়াৰোপৰি, বিদ্যুতৰ মাহিলী মাছুল যিমান হ’ব লাগে তাৰ বিপৰীতে চাৰিগুণ পৰ্যন্ত বৃদ্ধি হোৱাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে । এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

...view details