Eid Ul Fitr 2022 : বিধায়ক অখিল গগৈৰ ঈদৰ শুভেচ্ছা জ্ঞাপন - ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক অখিল গগৈয়ে
দেওবাৰে পুৱাই শিৱসাগৰ নগৰৰ জেঙনিকটীয়া জুম্মা মছজিদত উপস্থিত হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ । ঈদ উল ফিটৰ (Eid Ul Fitr 2022) উপলক্ষে মছজিদত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক অখিল গগৈয়ে (Eid Ul Fitr greetings from MLA Akhil Gogoi) ৷ গণতান্ত্ৰিক পন্থাত বিশ্বাসী সকলো লোক সংখ্যালঘু সমাজৰ লগত আছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ লগতে এই পবিত্ৰ ঈদৰ দিনা সকলোকে প্ৰেম আৰু ভাতৃত্ববোধৰ দ্বাৰা প্ৰেৰিত হৈ দেশক আগুৱাই নিবলৈ আহ্বান জনায় বিধায়ক অখিল গগৈয়ে ৷