Azadi Ka Amrit Mahotsav: ধেমাজিত আজাদী কা মহোৎসৱৰ প্ৰভাত ফেৰী - আজাদী কা অমৃত মহোৎসৱ
"আজাদী কা অমৃত মহোৎসৱ"ৰ(Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি বুধবাৰে ধেমাজি পৌৰসভা আৰু ভাৰতীয় জনতা পাৰ্টিৰ ধেমাজি জিলা সমিতিৰ যুটীয়া উদ্যোগত এক বিশাল প্ৰভাত ফেৰী উলিওৱা হয় ৷ ধেমাজি তেলিজানস্থিত আন্তঃজিলা বাছ আস্থানৰ পৰা উলিওৱা এই বিশাল ৰেলী উদ্বোধন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ড৹ ৰণোজ পেগুৱে(Education Minister Ranoj Pegu) ৷ উদ্বোধনী ভাষণত মন্ত্ৰী পেগুৱে এইবছৰৰ স্বাধীনতা দিৱস প্ৰত্যেককে উদযাপন কৰিবলৈ আহ্বান জনায় ৷ তেওঁ লগতে এইবাৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে ৰাজ্যত ৩১ লাখ ত্ৰিৰংগা পতাকা বিক্ৰী হোৱাৰ কথা জানিবলৈ দিয়ে ৷