কাইলৈ মহা ষষ্ঠী: লাখ টকা বাজেটেৰে সাজু পূজা কমিটী - দুৰ্গা পূজাৰ মণ্ডপবোৰত পঞ্চমীৰ কাৰ্যসূচী আৰম্ভ
🎬 Watch Now: Feature Video
শাৰদীয় দুৰ্গা পূজাকলৈ বৰ্তমান গুৱাহাটী মহানগৰীত বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশ । কাইলৈ মহা ষষ্ঠী (Durga Puja 2022) । আটকধুনীয়াকৈ সজাই তোলা হৈছে দুৰ্গা পূজাৰ মণ্ডপসমূহ ৷ আনহাতে, পূজা মণ্ডপৰ চৌদিশে বিভিন্ন দোকান পোহাৰ সজাই তোলা হৈছে । ইতিমধ্যে দুৰ্গা পূজাৰ মণ্ডপবোৰত পঞ্চমীৰ কাৰ্যসূচী আৰম্ভ হৈছে ৷ বিগত দুটা বছৰ ধৰি ক’ভিড সংক্ৰমণৰ বাবে বিভিন্ন বাধ্য-বাধকতাৰ মাজেৰে পূজা উদযাপন কৰা হৈছিল ৷ কিন্তু এইবাৰ মুকলিমূৰীয়াকৈ লাখ লাখ টকা বাজেটেৰে শাৰদীয় দুৰ্গা পূজা আয়োজন কৰা হৈছে মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজা আয়োজকসকলে (Durga puja prepartation in Guwahati) । দেৱীৰ প্ৰতিমা, মণ্ডপ, আলোক সজ্জাৰে ভক্ত তথা দৰ্শকক আকৰ্ষণ কৰিবলৈ অঘোষিত প্ৰতিযোগিতা নামি পৰিছে মহানগৰীৰ পূজা সমিতিসমূহৰ মাজত । জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা মতে, গুৱাহাটীত মহানগৰীত এইবাৰ ৪৩২ খন দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে । মহানগৰীৰ পাণ্ডু, মালিগাঁৱৱত সৰ্বাধিক ৮৩ খন দুৰ্গা পূজা অনুষ্ঠিত হৈছে ।