অসম

assam

By

Published : Sep 23, 2022, 7:45 PM IST

ETV Bharat / videos

মৃৎশিল্পী কৃষ্ণ প্ৰসাদৰ হাতৰ পৰশত প্ৰাণ পাইছে দেৱী দুৰ্গাই

দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী (Durga puja 2022) । মৃৎশিল্পীসকল ব্যস্ত মৃন্ময় মূৰ্তি নিৰ্মাণত । সমান্তৰালকৈ পূজাৰ জাকজমক মণ্ডপ নিৰ্মাণত ব্যস্ত পূজা সমিতিসমূহো । তাৰ মাজতে চৰ্চালৈ আহিছে টীয়কৰ মেলেং লহকৰ গাঁৱৰ এজন যুৱক । নাম কৃষ্ণ প্ৰসাদ দত্ত । ২৪ বছৰীয়া এই যুৱকজনে জীৱনৰ তিনি বছৰ বয়সৰে পৰা পথাৰৰ কেঁচুমটা মাটিৰে সৰুকৈ দুৰ্গা মূৰ্তি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল কৃষ্ণ প্ৰসাদে ৷ যোৱা ২০ বছৰে নিজৰ ঘৰৰ চোতালত বৃহৎ আকাৰত মূৰ্তি নিৰ্মাণ কৰাৰ লগতে, চোতালতে সজা অস্থায়ী বেদীত ষষ্ঠীৰ দিনা দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰি নিজে পূজাৰীৰ ভূমিকা পালন কৰি আহিছে (Durga puja preparation at Teok)। জাকজমকতাৰ পৰিৱৰ্তে আধ্যাত্মিক পৰিৱেশক প্ৰাধান্য দি উদযাপন কৰা এই পূজাৰ প্ৰতি গাঁওখনৰ ৰাইজৰো আকৰ্ষণ বৃদ্ধি পাইছে ।

ABOUT THE AUTHOR

...view details